প্ৰসিদ্ধ হলিউড অভিনেতা মাইকেল কে উইলিয়ামছৰ মৃত্যু

মৃত্যুৰ সময়ত মাইকেল কে উইলিয়ামছৰ বছৰ আছিল ৫৪ বছৰ, তেওঁৰ মৃতদেহ নিউয়ৰ্কৰ ব্ৰুকলিন পেন্টহাউচ এপাৰ্টমেণ্টত পোৱা গৈছিছে
ব্ৰুকলিনত জন্মগ্ৰহণ কৰা উইলিয়ামছ দুটা দশকৰো অধিক সময় ধৰি কেইবাটাও টিভি অনুষ্ঠান আৰু চলচ্চিত্ৰৰ অংশ হৈ আছে, যাৰ ভিতৰত আছে এইচবিঅ’ শৃংখলা ‘বোৰ্ডৱাক এম্পায়াৰ’ আৰু ‘লাভক্ৰাফ্ট কাণ্ট্ৰী’ আৰু ’12 ইয়ৰ্ছ এ স্লিভ’, ‘আছাইন্স ক্ৰীড’ৰ দৰে কেইবাখনো হিট ছবিত অভিনয় কৰিছিল

আৰক্ষীয়ে মাইকেলৰ মৃত্যুক অস্বাভাৱিক বুলি জানিবলৈ দিয়ে, যদিও তেওঁৰ মৃত্যু কেনেদৰে হৈছিল তাৰ অনুসন্ধান কৰিব। ঘটনাস্থলীৰ পৰিপ্ৰেক্ষিতত, আৰক্ষীয়ে সন্দেহ কৰিছে যে মাইকেলৰ অত্যাধিক ড্ৰাগছ লোৱাৰ বাবে কাৰণ হব পাৰে বুলি মৃত্যু সন্দেহ কৰা হৈছিল।

আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ পুংখানুপুংখ তদন্ত কৰি আছে।মাইকেল তেওঁৰ টিভি অনুষ্ঠান ‘দ্য ৱায়াৰ’ৰ বাবে যথেষ্ট বিখ্যাত আছিল। তেওঁ অনুষ্ঠানটোত ড্ৰাগছ ব্যৱসায়ী ওমৰ লিটল নামৰ এজন দুৰ্বৃত্ত ডকাইতৰ চৰিত্ৰত অভিনয় কৰিছিল।

এনেদৰে, তেওঁ কেইবা দশক ধৰি দূৰদৰ্শনৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰবোৰৰ ভিতৰত এজন আছিল, যিয়ে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছিল। দ্য ৱায়াৰত, তেওঁ কঠোৰ নৈতিক সংহিতা থকা অপৰাধী হিচাপে ওমৰ লিটলৰ চৰিত্ৰত অভিনয় কৰিছিল।

Leave a Comment