আজি গনেশ চতুৰ্থী

আজি গনেশ চতুৰ্থী দেশৰ লগতে অসমতো গণেশ চতুৰ্থী উদযাপন কৰা হৈছে। পুৱাৰে পৰা গণেশ মন্দিৰ সমূহত ভক্তৰ ভিৰ । শাস্ত্ৰ অনুসৰি, ভাদ্ৰ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত বিঘ্ননাশক গনেশৰ জন্ম হোৱা বুলি ধৰা হয়।

পুৱা ১২ বাজি ১৮ মিনিটত চতুৰ্থী তিথি আৰম্ভ আৰু নিশা ৯ বাজি ৫৭ মিনিটত সমাপ্তি ঘটিব।

ৰাজ্যৰ ভিন্ন প্ৰান্তত পূজা অৰ্চনা কৰা হৈছে
সিদ্ধিদাতা হিচাপেও পূজিত গণেশক গণেশ চতুৰ্থীৰ দিনটোত ভক্তসকলে ব্যাপকভাৱে পূজা-অৰ্চনা কৰা দেখা যায়। তদুপৰি, গণেশ চতুৰ্থীত গণেশক পূজা কৰিয়েই শৰৎকালত আৰম্ভ হোৱা পূজা উৎসৱৰ আৰম্ভণি হয়।

বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ গণেশ মন্দিৰসমূহতো ভক্তসকলে গণেশক পূজা উপলক্ষে ভক্তৰ ভিৰ হোৱা দেখা যায়। কৰণা মহামাৰীৰ বাবে বহু মন্দিৰত আনুষ্ঠুপয়াকৈ আয়োজন কৰিছে পূজাlযোৱাবাৰৰ দৰে এইবাৰো কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোভিড বিধি অনুসৰণ কৰি পূজা-অৰ্চনা অনুষ্ঠিত কৰা হৈছে।

Leave a Comment