আজি জন্মাষ্টমী !

আজি পবিত্ৰ জন্মাষ্টমী। কৃষ্ণ ভক্তসকলে উলহ-মালহে উদযাপন কৰিছে জন্মাষ্টমী। ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমী উদযাপন কৰা হৈছে।

সমান্তৰালকৈ মথুৰাত জন্মাষ্টমীক লৈ বিৰাজ কৰিছে উৎসৱমুখৰ পৰিবেশ ।শিশু কৃষ্ণৰ গুণ গৰিমাৰে মুখৰিত চৌদিশ ।সনাতন ধৰ্মাৱলম্বী লোকসকলৰ বিশ্বাস অনুসৰি সমগ্ৰ বিশ্বতে যেতিয়া অন্যায় অত্যাচাৰে ভৰি পৰিছিল তেতিয়াই বিশ্ববাসীক ৰক্ষা কৰিবলৈ আৰু সঠিক পথ দেখুৱাবলৈ ভগৱান বিষ্ণুৱে মানৱ ৰূপ ধাৰণ কৰি জন্মগ্ৰহণ কৰিছিল ।

আজি নিশাই দৈবকীৰ গৰ্ভৰ পৰা জন্ম হৈছিল ভগৱান শ্ৰীকৃষ্ণৰ।

হিন্দু সকলৰ এই পবিত্ৰ বিশ্বাসৰ সৈতে বহু কাহিনী জড়িত হৈ আছে। ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান কৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষতৰ অষ্টমী তিথিত হৈছিল। অসমতো জন্মাষ্টমী উপলক্ষে বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে। কোভিডকেন্দ্ৰিক পৰিস্থিতিৰ বাবে এইবাৰ বহু অনুষ্ঠান বাতিল কৰা হৈছে। আৰু অনুষ্ঠুপীয়াকৈ উদযাপন কৰা হৈছে।

Leave a Comment