আজি কুকিল কন্ঠী কুকিল গায়িকা লতা মংগেশকাৰৰ ওপজা দিন।

নিজৰ কুকিল কণ্ঠৰে মোহচন্ন কৰি ৰখা গায়িকা লতা মংগেশকাৰৰ আজি জন্মদিন। ১৯২৯ চনৰ আজিৰ দিনটোতে মধ্যপ্ৰদেশৰ ইন্দ’ৰত দীননাথ মংগেশকাৰৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল লতা মংগেশকাৰে। আৰু আজি ৯২ বছৰত ভৰি দিলে গায়িকাগৰাকীয়ে।

সৰুৰে পৰা সংগীতৰ প্ৰতি প্ৰৱল আগ্ৰহী লতাই ১৩ বছৰ বয়সতে হেৰুৱাইছিল পিতৃক। পিতৃৰ মৃত্যুৰ পাছত অনিচ্ছা সত্ত্বেও তেও ছবিত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল। ১৯৪২ চনত তেও প্ৰথম অভিনয় কৰা ছবিখনৰ নাম আছিল ‘পাহিলী মঙ্গাগৌৰ’।একেটা বছৰতে তেও মাৰাঠী ছবি ‘কিতী হচাল’ত প্ৰথম কন্ঠ নিগৰাইছিল। সেয়াই আছিল লতা মংগেশকাৰৰ জীৱনৰ আৰম্ভণি।

৮ টা দশকজুৰি ৩০টাতকৈ অধিক ভাষাত গান গাই সংগীতৰ জগতখনত আজিও আধিপত্য বজাই ৰাখিছে লতা মংগেশকাৰে।

লতা মংগেশকাৰৰ প্ৰথম নাম আছিল হেমা। পাঁচ বছৰৰ বয়সত তেওঁৰ নাম সলনি কৰি ৰখা হয় লতা।

Leave a Comment