গুৱাহাটীৰ পৰা হাফলঙলৈ চলিল ‘ভিষ্টাড’ম’ ৰে’ল,

অসমৰ পৰ্যটনৰ পৰিকাঠামো অধিক সুদৃঢ় কৰিবলৈ ভাৰতীয় ৰে’ল সেৱা বিভাগ আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগে সংযোজন ঘটাইছে ভিষ্টাড’ম ৰে’ল সেৱাৰ ৷ শনিবাৰে পুৱা গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ৬ বাজি ৩৫মিনিটত ৰাওনা হ’ল হাফলঙলৈ বুলি ০৫৮৮৮নম্বৰৰ ভিষ্টাড’ম ৰে’ল খন ৷

২৬৯ কিলোমিটাৰ দূৰত্বত থকা হাফলং ষ্টেচন পাবলৈ অত্যাধুনিক প্ৰযুক্তিৰে ভৰপূৰ ৰে’লখনে সময় ল’ব প্ৰায় ৫ঘণ্টা ৷ যাত্ৰাৰ সময়ছোৱাত মাইবং আৰু মান্দেৰদিছাত ৰ’বলগীয়া ৰে’লখনত আছে Wi Fi, CCTV আৰু ফায়াৰ এলাৰ্ম ৷ পাহাৰীয়া জিলাখনলৈ যোৱাৰ সময়ত প্ৰত্যেক গৰাকী পৰ্যটকে প্ৰকৃতিক নান্দনিক দৃশ্য উপভোগ কৰিবলৈ ব্যৱস্থা আছে পৰ্যবেক্ষণ আসনৰো ৷

ৰে’লখনৰ ওপৰ ভাগৰ লগতে কাষৰ সকলো দেৱাল কাঁছৰে নিৰ্মিত হোৱা হেতুকে পাহাৰ,নদী সকলো হেঁপাহ নপলোৱাকৈ চাই যাব পাৰিব পৰ্যটকে ৷ উত্তৰ পূবত প্ৰথমবাৰলৈ চলা এই ভিষ্টাড’মক লৈ আশাবাদী ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্ৰী বিমল বৰা ৷ শনিবাৰে এই বিশেষ ৰে’লখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰি এইদৰে কয় মন্ত্ৰী গৰাকীয়ে, “এইখন অসমত সকলো আছে ৷ প্ৰকৃতিয়ে আমাক সকলো দিছে ৷ প্ৰকৃতিৰ ৰাণী ডিমা হাচাও অসমৰ পৰ্যটনস্থলী সমূহৰ ভিতৰত অন্যতম ৷ পৰ্যটক যাব, কিন্তু পৰ্যটকক আদৰাৰ পৰিৱেশ এটা থাকিব লাগিব হাফলঙত ৷

হাফলংবাসীয়ে অতিথি দেৱা ভৱ বাক্যশাৰী সৰোগত কৰি আদৰি ল’ব লাগিব পৰ্যটকসকলক ৷ দুৰ্বৃত্তই গুলীচালনা আৰু ট্ৰাক জ্বলাই দিয়াৰ দৰে একোটা নেতিবাচক ঘটনাই বহু ইতিবাচক কথাৰ তল পেলাই দিয়ে ৷ বৃহস্পতিবাৰে ঘটা ঘটনাটোৱে ভিষ্টা ড’ম ৰে’ল সেৱাৰ এই ইতিবাচক যাত্ৰাত অলপ হলেও প্ৰভাৱ পেলালে ৷ ভৱিষ্যতে এনে নহওক ৷ শান্তিয়েহে প্ৰগতি আনিব, পৰ্যটনে পাব শান্তিৰ মাজতে বিশেষ মাত্ৰা ৷”

শনিবাৰে নিউ জলপাইগুৰিৰ পৰা আলিপুৰ দুৱাৰলৈও চলিল ভিষ্টাড’ম ৷ একেটা দিনতে অসম আৰু পশ্চিমবংগত চলা এই ৰে’ল সেৱাৰ মূল উদ্দেশ্যই হৈছে পৰ্যটনক এক গতি দিয়া। গুৱাহাটীৰ পৰা হাফলঙলৈ পুৱাৰ ভাগত চলা ৰে’ল বিয়লি ৫বজাৰ পিছত উভতি আহিব গুৱাহাটীলৈ ৷ প্ৰথমাৱস্থাত বুধবাৰ আৰু শনিবাৰে সপ্তাহত দুবাৰকৈ চলিব ভিষ্টা ড’ম ৷

ইফালে ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচা অনুষ্ঠানত উপস্থিত থাকি ৰে’ল যাত্ৰীক উদ্দেশ্যি ক’লে এইদৰে, “আমি নিজক সলনি কৰিব লাগিব ৷ বাহিৰৰ দেশবোৰৰ ৰে’লবোৰৰ পৰিস্কাৰ পৰিচ্চনতাৰ পৰা আমি শিকিব লাগিব ৷ ৰে’লখনত সকলো সুবিধা দিয়া হৈছে, যাত্ৰীৰ দায়িত্ব হ’ব ৰে’লখনক নিজৰ বুলি ভাবি পৰিস্কাৰ কৰি ৰখা৷”

হাফলঙৰ ওচৰে পাজৰে ভ্ৰমণ কৰিবলগীয়া কেইবাখনো ঠাই আছে। ইয়াৰ ভিতৰত –
হাফলং হ্ৰদ : প্ৰাকৃতিক এই হ্ৰদ পৰ্যটকসকলৰ মাজত খুবেই জনপ্ৰিয়। বিশেষকৈ বিভিন্ন জলক্ৰীড়াকে ধৰি এক শান্ত পৰিৱেশত হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰিবলৈ পৰ্যটকসকল ইয়ালৈ আহে।
বৰাই হিলত পৰ্বতাৰোহণ : বৰাইল ৰেঞ্জত অৱস্থিত অসমৰ দ্বিতীয় উচ্চতম পাহাৰ বৰাই হিলৰ পৰা প্ৰকৃতিৰ অনুপম দৃশ্যৰাজি উপভোগ কৰিব পাৰি।
ফিয়াংপুই গীৰ্জা : হাফলঙৰ পাহাৰত অৱস্থিত এই গীৰ্জা হৈছে ডিমা হাছাও জিলাৰ আটাইতকৈ ডাঙৰ গীৰ্জা।

জাতিংগা উপত্যকা : হাফলং নগৰৰ পৰা ৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন সৰু গাঁও জাতিংগা। ছেপ্তেম্বৰ আৰু অক্টোবৰ মাহত হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাইৰ আত্মহত্যাৰ ৰহস্যৰ বাবে বিখ্যাত এই অঞ্চলটো এটা চৰ্চাৰ কেন্দ্ৰ।

মাইবং : ১৬ শ শতিকাৰ ডিমাচা ৰাজবংশৰ বুৰঞ্জী কঢ়িওৱা মাইবং হৈছে এখন বুৰঞ্জীপ্ৰসিদ্ধ ঠাই। ডিমাচা ৰাজবংশৰ ৰাজধানী হিচাবে জনাজাত এই ঠাইত বহু ভগ্নাৱশেষ দেখা পোৱা যায়।

Leave a Comment