নিষিদ্ধ হব নেকি আপোনাৰ WhatsApp ?

মাত্ৰ ৪৫ দিনত ৩০ লাখৰো বেছি ভাৰতীয়ৰ একাউণ্ট নিষিদ্ধ, তালিকাত আছে নেকি আপোনাৰো নাম?

WhatsApp–এ জনাইছে যে ইয়াৰ পূৰ্বে ১৫ মে’ৰ পৰা ১৫ জুনৰ ভিতৰত তেওঁলোকে ২ মিলিয়ন ভাৰতীয় ব্যৱহাৰকাৰীক নিষিদ্ধ কৰিছে।

WhatsApp অবিহনে যেন বৰ্তমান প্ৰজন্মৰ জীৱন অচল। নিত্য নতুন ফিচাৰেৰে অধিক জনপ্ৰিয় হৈ পৰিছে WhatsApp। সম্প্ৰতি ফেচবুকৰ মালিকানাধীন WhatsApp–এ ঘোষণা কৰিছে যে ১৬ জুনৰ পৰা ৩১ জুলাই পৰ্যন্ত ৪৬ দিনৰ ভিতৰত ৩০ লাখৰো অধিক ভাৰতীয় একাউণ্ট নিষিদ্ধ কৰা হৈছে।

WhatsApp–এ জনাইছে, ১৬ জুনৰ পৰা ৩১ জুলাইৰ ভিতৰত মুঠ ৩০ লাখ ২৭ হাজাৰ ভাৰতীয়ৰ একাউণ্ট বন্ধ কৰা হৈছে। কোম্পানীয়ে তেওঁলোকৰ ৰিপ’ৰ্টত জনাইছে যে এই সময়ছোৱাৰ ভিতৰত তেওঁলোকে ৫৯৪টা অভিযোগ পাইছিল, যাৰ ওপৰত কোম্পানীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। এই একাউণ্টসমূহৰ ভিতৰত অধিকসংখ্যকে অটোমেটিক বা বাল্ক মেছেজৰ বাবে স্থগিত কৰা হৈছে।

কোম্পানীয়ে নতুন তথ্য প্ৰযুক্তি বিধি ২০২১ অনুসৰি, ১৬ জুনৰ পৰা ৩১ জুলাইলৈ ৪৬ দিনৰ বাবে তেওঁলোকৰ দ্বিতীয় কমপ্লায়েন্স ৰিপ’ৰ্ট প্ৰকাশ কৰিছে। তেওঁলোকে জনাইছে যে যি নম্বৰসমূহৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে তাৰ ভিতৰত ৯৫ শতাংশৰো অধিক একাউণ্ট স্পাম মেছেজৰ বাবে ব্যৱহাৰ কৰা হৈছিল। দ্বিতীয় কমপ্লায়েন্স ৰিপ’ৰ্টত সংস্থাটোৱে জনাইছে যে তেওঁলোকৰ ওচৰত ৩১৬টা একাউণ্ট নিষিদ্ধ কৰাৰ অনুৰোধ আহিছে।

[email protected] ত কৰা ইমেইল বা হেল্প চেণ্টাৰত প্ৰকাশিত হোৱাট্এপৰ একাউণ্টসমূহ সম্পৰ্কীয় প্ৰশ্ন বা পোষ্টৰ জৰিয়তে ইণ্ডিয়া গ্ৰিভান্স অফিচাৰৰ প্ৰাপ্ত মইলসমূহৰ মাধ্যেমেৰে সম্প্ৰতি সংস্থাটোৱে এই পদক্ষেপ লৈছে।

আনহাতে, ফেচবুকে জনাইছে যে একে সময়তে ১৬ জুনৰ পৰা ৩১ জুলাইৰ ভিতৰত ১৫০৪টা অভিযোগ আৰু ইনষ্টাগ্ৰামত ২৬৫ টা অভিযোগ পাইছে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে।

WhatsApp–এ জনাইছে যে ইয়াৰ পূৰ্বে ১৫ মে’ৰ পৰা ১৫ জুনৰ ভিতৰত তেওঁলোকে ২ মিলিয়ন ভাৰতীয় ব্যৱহাৰকাৰীক নিষিদ্ধ কৰিছে। ছাৰ্চ ইঞ্জিন জায়েণ্ট গুগলে জনাইছে যে মে’ আৰু জুন মাহত প্ৰাপ্ত অভিযোগৰ ভিত্তিত ১.৫ লাখৰো অধিক কনটেণ্ট ৰিমুভ কৰা হৈছে আৰু ইয়াৰ ভিতৰত ৯৮ শতাংশৰো অধিক কপিৰাইট সম্পৰ্কীয়

Leave a Comment