অসমত কেতিয়া হ’ব টুইন টানেল

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰে ব্ৰহ্মপুত্ৰৰ নদীৰ তলেৰে ১৫.৬ কোলিমিটাৰ দৈৰ্ঘ্যৰ এটা টুইন টানেল বাবে প্ৰস্তাৱ দিছে। যি অসম আৰু অৰুণাচলপ্ৰদেশৰ মাজত ভ্ৰমণৰ সময় বহু পৰিমানে হ্ৰাস কৰিব লগতে এই টানেলৰ ফলত বহু ক্ষেত্ৰত ভাৰতক কৌশলগতভাৱে লাভাম্বিত কৰিব।

এই দুয়োটা সুৰংগ নদীৰ ২২ মিটাৰ তলত নিৰ্মাণ কৰা হ’ব।চীনৰ দৰে চুবুৰীয়া দেশৰ যিকোনো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে উত্তৰ-পূবকে ধৰি সীমান্তত ইয়াৰ পথ আন্তঃগাঁথনি বৃদ্ধি কৰি আহিছে।

এই সুৰংগৰ নিৰ্মাণৰ প্ৰস্তাৱক সমৰ্থন কৰিছে সামৰিক অভিযান সঞ্চালকালয়ে। প্ৰস্তাৱিত প্ৰকল্পটোৰ বাবে ১২,৮০৭ কোটি টকা ব্যয় হ’ব আৰু ই হৈছে ৰাষ্ট্ৰীয় ঘাইপথ ৫২ৰ গহপুৰ আৰু অসম ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ৰ নুমলীগড়ৰ মাজত পোনপটীয়া সংযোগ প্ৰদান কৰাৰ বাবে সুৰংগ হ’ব অতি লাভজনক।

এই প্ৰকল্পটো সম্পূৰ্ণৰূপে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ দ্বাৰা পুঁজি যোগান ধৰা হ’ব। ২০০৮ চনত, যেতিয়া অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ ৰ চাৰি লেনৰ অনুমোদন জনাইছিল

Leave a Comment