চুলি দান কৰি চৰ্চাত এগৰাকী মহিলা

চুলি দান কৰি চৰ্চালৈ আহিছে এগৰাকী মহিলা ।

মহিলা গৰাকীৰ নাম জহাব কামালখান । পাকিস্তানৰ স্কোয়াশ খেলুৱৈ আছিল ।

তেওঁৰ বয়স ৩০ বছৰ ।২০১৮ চনত আমেৰিকা এৰি উত্তৰ ভার্জিনিয়া বাসিন্দা হয়।

উত্তৰ ভার্জিনিয়া এইগৰাকী মহিলাই ১৭ বছৰে কটা নাছিল চুলি। নিজৰ চুলিকোছাক লৈ তেওঁ গৰ্বিত।১৩ বছৰ বয়সতে শেষ বাৰ চুলি কটাইছিল জহাবে । তেওঁৰ চুলিকোছা সৌন্দৰ্য্য আৰু গৰ্বৰ প্ৰতীক বুলি প্ৰকাশ কৰিছে।

বিভিন্ন ৰোগৰ বাবে চুলি সৰি যোৱা শিশু সকলৰ এটা সংস্থাক চুলি দান কৰিলে জহাবে। ৬ ফুট দীঘল চুলি দান কৰিলে তেওঁ চুলি কটাৰ পাছত দাপোনত মুখ চাই সুখী হব পৰা নাছিল যদিও এটা মহৎ উদেশ্য সাধনৰ বাবে নিজৰ চুলিকোছা দিবলৈ পাই আনন্দিত বুলি জানিবলৈ দিয়ে। তেওঁৰ এই কাৰ্যৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে।

Leave a Comment